Share and Enjoy !

Shares

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে।

অব্যাহত আছে নগাঁৱৰ কামপুৰত বন্যহস্তীৰ উপদ্ৰৱ ।দেওবাৰৰ নিশা কঠীয়াতলী বন আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মনোহৰগাওঁ,বৰহোলা,ডুবৰিতলিত কেইবাটাও বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে। বিগত দুটা মাহে নগাঁও জিলাৰ বিভিন্ন অঞ্চলত সন্ত্ৰাস চলাই আহিছে বন্যহস্তীৰ জাকটোৱে।

উল্লেখ্য যে, দেওবাৰে নিশা বন্যহস্তীৰ জাকটোৱে কামপুৰ -কঠীয়াতলী পথটোৰে হাতীৰ জাকটো পাৰ হোৱাৰ সময়ত প্ৰায় এঘণ্টাৰো অধিক সময় পথটোৰে যাতায়ত বন্ধ ৰাখিব লগীয়া হয়।এই খিনি সময়তে হাতীৰ জাকটোৱে ডুবৰিতলিৰ মিনু শৰ্মা নামৰ  এগৰাকী মহিলাৰ বাসগৃহৰ ক্ষতি কৰাৰ লগতে ঘৰটোৰ ভিতৰত থকা আচবাব আৰু চাউল আদি খাই তহিলং কৰে।

ইয়াৰ পাছতে হাতীৰ জাকটোৱে মনোহৰ গাঁৱৰ মালিতা কলিতা,বৰহোলা গাঁৱৰ ৰঞ্জিত দাস আৰু বুধেশ্বৰী দাস নামৰ লোককেইজনৰ বাসগৃহৰ ক্ষতিসাধন কৰাৰ লগতে বহুকেইজন লোকৰ বাৰীৰ তামোল,নাৰিকল ভাঙি পাচলি আদি খাই তহিলং কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *