কলিয়াবৰত বন্যহস্তীৰ তাণ্ডৱ; বন্যহস্তীৰ আক্ৰমণত মৃত্যু মহিলাৰকলিয়াবৰত বন্যহস্তীৰ তাণ্ডৱ; বন্যহস্তীৰ আক্ৰমণত মৃত্যু মহিলাৰ

Share and Enjoy !

Shares

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।পুনৰ ৰাজ্যত বন্যহস্তীৰ তাণ্ডৱ।

এইবাৰ কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱ।। কলিয়াবৰৰ জখলাবন্ধাৰ সমীপবৰ্তী সৰুভগীয়াত দেওবাৰে নিশা প্ৰায় ৭-৩০ বজাত বন্যহস্তীৰ আক্ৰমণত নিহত হয় এগৰাকী বৃদ্ধা৷জানিব পৰা মতে, দিনত শাকমুঠীয়া পথাৰৰ পৰা সৰুভগীয়া গাঁৱৰ পিছফালে পোৱালিসহ এজনী হাতীয়ে বাঁহবাৰীত আশ্ৰয় লৈ আছিল । ডিম্বেশ্বৰী বৰা (৭০) নামৰ মহিলাগৰাকী ঘৰৰ চোতালত পৰিয়ালৰ আন সদস্যৰ সৈতে কথা পাতি থকা অৱস্থাত অতৰ্কিতে আক্ৰমণ চলাই গচকি গুৰুতৰভাৱে আহত কৰে মহিলাগৰাকীক৷ সংকটজনক অৱস্থাত মহিলা গৰাকীক ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে ।

এই ঘটনাৰ পিছতেই বন বিভাগৰ গাফিলতিৰ অভিযোগ তুলি পৰিস্থিতি উত্তপ্ত কৰে একাংশ লোকে । পিচত কলিয়াবৰ সমজিলা আয়ুক্ত ৰাজ বৰুৱা আৰু দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *