বিহু আৰু ঝুমুইৰ বিনন্দিনীৰ পাছতেই এইবাৰ অসম চৰকাৰে অনুষ্ঠিত কৰিব বাগৰুম্বা।
সৰুসজাই ষ্টেডিয়ামত বিশ্ববাসীৰ সন্মুখত উপস্থাপন কৰিব বড়ো জনগোষ্ঠীৰ বাগৰুম্বা।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া উপস্থিত হৈ পৰ্যবেক্ষণ কৰে সৰুসজাই ষ্টেডিয়াম।
১৭ জানুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ’ব এই বাগৰুম্বা।
২৩ খন জিলাৰ ১০ হাজাৰতকৈ অধিক শিল্পীয়ে অংশ ল’ব বাগৰুম্বাত।
৪,৫ আৰু ৬ জানুৱাৰীত প্ৰশিক্ষণ দিয়া হ’ব মাষ্টাৰ ট্ৰেইনাৰসকলক।
৮,৯ আৰু ১০ জানুৱাৰীত মাষ্টাৰ ট্ৰেইনাৰসকলে ২৩ খন জিলালৈ গৈ প্ৰশিক্ষণ দিব শিল্পীসকলক।
১১ জানুৱাৰী তাৰিখে গুৱাহাটীলৈ অনা হ’ব সকলো শিল্পীক।
১২ ৰ পৰা ১৫ জানুৱাৰীলৈ সৰুসজাই ষ্টেডিয়ামত চলিব অনুশীলন।