Share and Enjoy !

Shares

অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ধুবুৰী জিলা আৰক্ষী প্ৰশাসনৰ বৃহৎ সফলতা।

এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী জিলা আৰক্ষীয়ে চলোৱা অভিযানত ধুবুৰীৰ ঐতিহাসিক যোগমায়া ঘাটৰ পৰা ৩৬টা সন্দেহজনক বাংলাদেশী নাগৰিকক আটক।

প্ৰাপ্ত তথ্য অনুসৰি, আটক হোৱা এই সন্দেহজনক লোকৰ দলটোৱে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ পৰা যন্ত্ৰচালিত নাৱেৰে ব্ৰহ্মপুত্ৰ নদীৰ জলপথেৰে ধুবুৰীৰ যোগমায়া ঘাটত উপস্থিত হৈছিল।অবৈধভাৱে অনুপ্ৰৱেশ কৰি ৰাজ্যখনৰ অন্তৰ্ভাগলৈ সোমাই যোৱাৰ অভিসন্ধিৰে তেওঁলোকে এই যাত্ৰা কৰা বুলি সন্দেহ কৰা হৈছে।

যোগমায়া ঘাটত নাওখন লাগেঁতেই গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত পূৰ্বৰ পৰাই ৰৈ থকা ধুবুৰী আৰক্ষীৰ এটা দলে সমগ্ৰ দলটোক ঘেৰাও কৰে আৰু ৩৬টা সন্দেহজনক বাংলাদেশীক আটক কৰে। আটক কৰা লোকসকলৰ হাতত কোনো বৈধ পৰিচয় পত্ৰ বা ভাৰতত প্ৰৱেশৰ সঠিক নথিপত্ৰ আছিল নে নাই, সেই সম্পৰ্কে আৰক্ষীয়ে অনুসন্ধান চলাই আছে।

বৰ্তমান আটকাধীন আটাইকেইজন সন্দেহজনক নাগৰিকক ধুবুৰী আৰক্ষী চাউনিলৈ লৈ যোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *