গৰু চুৰিক কেন্দ্ৰ কৰি কঠীয়াতলীৰ কঠালগুৰীত উত্তপ্ত পৰিস্থিতি।।
ঘটনা অনুসৰি, শুকুৰবাৰে পুৱাই কঠালগুৰী পথাৰত মনি শইকীয়া নামৰ মহিলাগৰাকীৰ এজনী গৰু এৰাল দিয়াৰ পৰা নাইকীয়া হৈছিল ।পৰৱৰ্তী সময়ত গাই গৰুজনী বিলচাআটি গাঁৱৰ প্ৰফুল্ল দাস নামৰ এজন লোকৰ বাৰীৰ ভিতৰত বান্ধি থোৱাৰ পৰা উদ্ধাৰ কৰে গৃহস্থই। ৰাইজে গৰুজনী উদ্ধাৰ কৰাৰ পিছত গাঁৱখনৰ অঞ্জন লেখাৰু আন এজন লোকে গৰুজনী তেখেতৰ বুলি দাবী কৰে।
এনেদৰ গৰুজনীক লৈ দুজন লোকৰ মাজত বিবাদ চলি থকাৰ সময়তে আৰক্ষী উপস্থিত হৈ পশু চিকিৎসকৰে জৰিয়তে গৰুজনীৰ কাণৰ আধাৰ কাৰ্ডৰ তথ্যৰ ভিত্তিত গৰুজনী প্ৰকৃত গৃহস্থ মনি শইকীয়া বুলি ঠিৰাং কৰে। আনফালে ৰাইজে প্ৰফুল্ল দাসক আটক কৰি জেৰা কৰাত ভক্ত বৰদলৈ নামৰ বিলচাআটি গাঁৱৰ এজন লোকে গৰু চোৰ কৰি অনা বুলি প্ৰকাশ কৰে লগতে ভক্ত বৰদলৈ গাড়ীৰে বিক্ৰী কৰিবলৈ নিয়াৰ কথা স্বীকাৰ কৰে।
কিছুদিনৰ আগতে পথাৰৰ এৰালত থকাৰ পৰাই অঞ্জন লেখাৰুৰ গৰুজনী ভক্ত বৰদলৈয়ে চুৰি কৰি নি প্ৰফুল্ল দাসৰ গাড়ীৰে নি ফুলগুৰী বজাৰত বিক্ৰী কৰা বুলি স্বীকাৰ কৰে। শেষত আৰক্ষীয়ে প্ৰফুল্ল দাসক আটক কৰি থানালৈ লৈ যায় যদিও ভক্ত বৰদলৈ বৰ্তমান পলাতক হৈ আছে ।