Share and Enjoy !

Shares

হৰ হৰ মহাদেৱ ধ্বনিৰে মৰিগাঁৱৰ ৰাজপথ কপাঁলে নাথ যোগী জনগোষ্ঠীৰ কেইবাটাও সংগঠনে।

জিলাখনৰ নাথ যোগী বসতি প্ৰধান গাঁও সমূহৰ পৰা প্ৰায় দুই সহস্ৰাধিক পুৰুষ মহিলা আৰু যুৱক যুৱতীয়ে হাতে হাতে বিভিন্ন দাবী সম্বলীত প্লেকাৰ্ডৰ লগতে জোঁৰ লৈ ন্যায্য প্ৰাপ্তিৰ দাবীত সাব্যস্ত কৰে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ।

বিশেষকৈ অসমৰ প্ৰতিখন জিলাত বসবাস কৰা নাথ যোগী জনগোষ্ঠীৰ লোকসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰা, নাথ যোগী সকলক উপগ্ৰহীয় স্বায়ত্ব পৰিষদ প্ৰদান কৰা, খিলঞ্জীয়া নাথ যোগী জনগোষ্ঠীৰ লোকসকলক অসম চৰকাৰে অতি শীঘ্ৰেই সংৰক্ষিত শ্ৰেণীৰ জনগোষ্ঠী হিচাপে স্বীকৃতি প্ৰদান কৰা, চৰকাৰৰ বিভিন্ন নিগম নিকায় সমূহৰ লগতে স্বায়ত্ব শাসিত পৰিষদ সমূহত নাথ যোগী জনগোষ্ঠীৰ লোকক অগ্ৰাধিকাৰ প্ৰধান কৰাকে ধৰি ১১টা দাবী উত্থাপন কৰা পৰিলক্ষিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *