Share and Enjoy !

Shares

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিমৰীয়াত মহিলা উদ্যমিতা অভিযানৰ চেক প্ৰদান কৰে। ।

ৰাজ্যৰ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী অৰ্হতাসম্পন্ন মহিলাক মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০,০০০ টকাকৈ প্ৰদান কৰে ৰাজ্য চৰকাৰে।

ডিমৰীয়াত মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদানৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘আপোনালোকক আমি আকৌ মাতিম। আৰু দ্বিতীয়বাৰ আমি আপোনালোকক ২৫,০০০ টকাকৈ আগবঢ়াম।’’

অকল ইমানেই নহয়! মুখ্যমন্ত্ৰীয়ে কয়, ‘‘তৃতীয় কাৰ্যকালত আমি আপোনালোকৰ ওচৰলৈ আকৌ আহিম। তৃতীয়বাৰ আমি আপোনালোকক ৫০,০০০ টকাকৈ দিম।’’

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘চৰকাৰে ১০,০০০ টকা দি দায়িত্ব সামৰণি পেলাব খোজা নাই। চৰকাৰে ১০,০০০, ২৫,০০০ আৰু ৫০,০০০, সৰ্বমুঠ ৮৫,০০০ টকা মহিলাসকলক দিবলৈ ওলাইছে’’

Leave a Reply

Your email address will not be published. Required fields are marked *