Share and Enjoy !

Shares

হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে ছোনিয়া গান্ধীৰ। মঙলবাৰে পুৱা দিল্লীৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় জ্যেষ্ঠ কংগ্ৰেছী নেত্ৰীগৰাকীক।

জানিব পৰা মতে, ছোনিয়া গান্ধীক বুকুৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে। অৱশ্যে ছোনিয়া গান্ধীৰ স্বাস্থ্য সন্দৰ্ভত কংগ্ৰেছ দল অথবা চিকিৎসালয়খনে এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

উল্লেখযোগ্য যে, ছোনিয়া গান্ধী দীৰ্ঘদিন ধৰি কাহত আক্ৰান্ত হৈ আছিল। যাৰ বাবে তেওঁ নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাই আছিল।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *