আজি দিনযোৰা কাৰ্যসূচীৰে মৰিগাঁৱত উপস্থিত হয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য।অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মৰিগাঁৱৰ কেবাটাও স্থান ভ্ৰমণ কৰে।
ৰাজ্যপালগৰাকীয়ে দিনৰ ১১ বজাত জাগীৰোডৰ নিজৰাপাৰত মাছ উৎপাদন কেন্দ্ৰ পৰিদৰ্শন কৰে।তাৰ পাছতেই তেওঁ কুমৈ আঞ্চলিক মাধ্যমিক বিদ্যালয়লৈ যায়। তেওঁ ঝাৰগাঁৱৰ হস্ততাঁত কেন্দ্ৰ এনাজৰী পৰিদৰ্শন কৰে। দিনৰ ১২.৩০ বজাত তেওঁ কৃষি বিজ্ঞান কেন্দ্ৰ, ঝাৰগাঁৱলৈ যায়।।
উল্লেখ্য যে, তেওঁ জিলাখনৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি জিলাখনৰ কৃষি, শিল্প আৰু উদ্যোগ খণ্ডৰ অগ্ৰগতিৰ বুজ লয়। লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কৃষিভিত্তিক আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰে ৰাজ্যপালগৰাকীয়ে। ইপিনে জিলা প্ৰশাসনৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশ গ্ৰহণ কৰে। পৰ্যালোচনা বৈঠকৰ অন্তত তেওঁ টাটা চেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰাও পৰিলক্ষিত হয়।
পৰিদৰ্শন কালত ৰাজ্যপালগৰাকীয়ে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ বাবে আধুনিক কৃষি পদ্ধতি আৰু থলুৱা শিল্পৰ সংমিশ্ৰণত গুৰুত্ব দিবলৈ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে- পৰম্পৰাগত শিল্প আৰু অত্যাধুনিক প্ৰযুক্তিৰ সন্তুলিত বিকাশেহে অসমক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব বুলি।