Share and Enjoy !

Shares

ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী। ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ৰূপহীহাটত ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী। গড়েমাটিখোৱা দলংৰ ওচৰত তালাচি চলাই ২৪টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰসহ আটক কৰে দুই সৰবৰাহকাৰীক

ধৃত সৰবৰাহকাৰীকেইটা তেজপুৰ কচাৰিপামৰ দিলদাৰ হুছেইন আৰু ভোচখোৱা চাপৰিৰ ইমতাজুল হক বুলি জানিব পৰা গৈছে

ইপিনে তেজপুৰৰ পৰা ৰূপহীহাটলৈ AS12W8279 নম্বৰৰ বাহনেৰে সৰবৰাহ কৰিবলৈ আহিছিল ড্ৰাগছখিনি ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *