Share and Enjoy !

Shares

মহানগৰীত এইবাৰ কুকুৰ চোৰৰ সন্ত্ৰাস।

ৰাজপথৰ পৰা কুকুৰ চোৰ কৰি সাতগাঁও আৰক্ষীৰ জালত তিনি কুকুৰ চোৰ।

ধৃত কুকুৰ চোৰকেইটা ক্ৰমে জন কলিতা, বকুল গুৰুং আৰু সঞ্জীৱ বসুমতাৰী বুলি জানিব পৰা গৈছে।

ধৃত চোৰকেইটাই WB 02AH 1845 ৰ DUSTER বাহনত বান্ধি আনিছিল কেইবাটাও কুকুৰ।

আৰক্ষীয়ে তালাচী চলাই থকা অৱস্থাত সোধ পোছ কৰাত কুকুৰ কেইটা চুৰি কৰি অনা কথা পোহৰলৈ আহে।

দীৰ্ঘদিন ধৰি ধৃত চোৰ কেইটাই মহানগৰীৰ বিভিন্ন স্থানত কুকুৰ চোৰ কৰি সৰবৰাহ কৰাৰ সন্দেহ।

ঘটনা সন্দৰ্ভত সাতগাওঁ আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *