Share and Enjoy !

Shares

গুৱাহাটীত ‘ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰী সন্মিলন ২০২৬’ । দেশৰ বস্ত্ৰ শিল্প খণ্ডৰ বিকাশ আৰু ভৱিষ্যতৰ ৰণনীতি প্ৰস্তুত কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ সহযোগত বস্ত্ৰ মন্ত্ৰালয়ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এই সন্মিলন।

ইফালে গুৱাহাটীৰ মে’ফেয়াৰ ৰিজ’ৰ্টত অনুষ্ঠিত সন্মিলনত দেশৰ বিভিন্ন ৰাজ্যৰ বস্ত্ৰ বিভাগৰ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, এই অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ, হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ লগতে আন কেইবাগৰাকীও উচ্চপদস্থ বিষয়া আৰু বিভাগীয় প্ৰতিনিধি। দেশৰ ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত প্ৰদেশৰ বস্ত্ৰমন্ত্ৰীসকলে অংশগ্ৰহণ কৰি হস্ততাঁত আৰু বস্ত্ৰশিল্প উদ্যোগৰ উত্তৰণ সন্দৰ্ভত মত বিনিময় কৰা পৰিলক্ষিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *