বৃহস্পতিবাৰে বিয়লি যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা। যাত্ৰীবাহী ট্ৰেভেলাৰ চালকক গাড়ী ৰখাই ৰাজপথতে চোকা অস্ত্ৰৰে আক্ৰমণ।
আক্ৰমণত গুৰুতৰভাৱে আহত হয় ট্ৰেভেলাৰৰ চালকজনক। আহত চালকজনক ততাতৈয়াকৈ জেএমচিএইচলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। আনহাতে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে আক্ৰমণকাৰীজন
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি,আক্ৰমণজন মেজিক সদৃশ সৰু বাহনত আহিছিল। গাড়ীখনত দুজন লোক আছিল। ট্ৰেভেলাৰখনে হৰ্ণ বজোৱাক লৈ আৰু অভাৰটেক কৰাক লৈ সৰু গাড়ীখনৰ চালকজন ক্ষুণ্ণ হৈ পৰিছিল। আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে অতি বিপজ্জনকভাবে ট্ৰেভেলাৰখনৰ সন্মুখত নিজৰ গাড়ীখন ৰখাই ভেটা দি প্ৰথমে ট্ৰেভেলাৰখন আবদ্ধ কৰে সৰু গাড়ীখনৰ গৰাকীৰ লগতে চালকজনে।
ইয়াৰ পাছতে দক্ষিণৰ চিনেমাৰ কায়দাত সৰু গাড়ীখনৰ মালিক নয়নজ্যোতি শইকীয়াই তেওঁৰ গাড়ীখনৰ পৰা উলিয়াই আনে এখন চোকা দা। ইয়াৰ পাছতে ট্ৰেভেলাৰৰ চালকজনক গালি গালাজ কৰি দাখনেৰে উপৰ্যুপৰি আক্ৰমণ কৰে নয়নজ্যোতিয়ে। ঘটনাৰ আকস্মিকতাত হতচকিত হৈ পৰে যাত্ৰীসকল।
আক্ৰমণ কৰিয়েই পলায়ন কৰে সৰু গাড়ীসহ নয়নজ্যোতি আৰু চালকজনে।
ঘটনাৰ কেইঘণ্টামানৰ পাছতে মূল অভিযুক্ত নয়নজ্যোতি শইকীয়াক আৰক্ষীয়ে আটক কৰে।