তেজপুৰৰ বিহগুৰিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। তেজপুৰ মেডিকেল কলেজৰ সমীপৰ এটা অট্ৰালিকাত অগ্নিকাণ্ড।
আজি সন্ধিয়াৰ ভাগত তেজপুৰ মেডিকেল কলেজৰ সমীপৰ এটা বিল্ডিঙত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। তেজপুৰ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড° জ্যোতিকমল হাজৰিকাৰ মালিকাধীন উক্ত আৱাসিক বিল্ডিঙৰ পৰা ধোঁৱা নিৰ্গত হৈ থকা প্ৰত্যক্ষ কৰি কোনো প্ৰত্যক্ষদৰ্শীয়ে হাজৰিকাক ফোন কৰে।
খবৰৰ ভিত্তিত ড° হাজৰিকাইও ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীৰ সৈতে যোগাযোগ কৰে। কিছু সময়ৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন ঘটনাস্থলিত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা কৰে। প্ৰায় এঘণ্টাজোৰা অভিযানৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীৰ দলটো।
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত এই অগ্নিকাণ্ডত বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ,কিতাপ,আচবাব আৰু বিল্ডিঙটোৰো যথেষ্ট ক্ষয়-ক্ষতি হয়। অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত এক ভয়াবহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল সমগ্ৰ অঞ্চলটো।
সৌভাগ্যক্ৰমে ৰক্ষা পৰিল বিল্ডিঙটোৰ কাষতে থকা আৱাসিক অঞ্চলটোৰ লোকসকল।