নগাঁৱৰ বঢ়মপুৰৰ ধনতোলাৰ কেএম ইটা ভাটাত ভয়ংকৰ ঘটনা। কেএম ইটা ভাটায়ে শিশু সুৰক্ষা আইনক দেখুৱালে বুঢ়া আঙুলি কেএম ইটা ভাটাত নিয়োজিক শিশু শ্ৰমিকক।
শিশু শ্ৰমিককে শ্ৰম কৰি থকাৰ ভিডিঅ বন্দী সংবাদ মাধ্যমৰ কেমেৰাত।
অভিযোগ অনুসৰি, এই কেএম ইটা ভাটাৰ মালিকৰ পৃষ্ঠপোষকতাতে বহু দিন ধৰি একাংশ শিশু শ্ৰমিকক নিয়োজিত কৰি আহিছে। ইটা ভাটাটোত সাংবাদিকৰ উপস্থিতিৰ পাছতেই নগাঁও জিলাৰ শিশু সুৰক্ষা বিষয়া উপস্থিত হৈ শিশু শ্ৰমিক কেইজনৰ এজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বাকী কেইজন শিশু শ্ৰমিক ইটা ভাটাটোৰ পৰা পলাই যায়।
এতিয়া শিশু সুৰক্ষা আইনক জলাঞ্জলি দি শিশু সকলক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰা এই ভাটাটোৰ বিৰুদ্ধে নগাঁও জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব।