Share and Enjoy !

Shares

ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ স্মাৰক পত্ৰ ৰাইজৰ দলৰ। শুকুৰবাৰে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিলে ৰাইজৰ দলে।

ৰাইজৰ দলৰ অভিযোগ অনুসৰি, ৪ জানুৱাৰীৰ সন্ধিয়া অনুষ্ঠিত এক ভিডিঅ’ কনফাৰেন্সত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা ১০ হাজাৰকৈ বিজেপি-বিৰোধী ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ ভয়ংকৰ অভিসন্ধিৰ কথা ব্যক্ত কৰিছিল।

এই বক্তব্যই গণতান্ত্ৰিক প্ৰক্ৰিয়াত গভীৰ সংকটৰ ইংগিত দিয়ে বুলি দলটোৱে অভিযোগ উত্থাপন কৰে।এই সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে উক্ত ভিডিঅ’টো জব্দ কৰি বিষয়টোত নিৰপেক্ষ তদন্তৰ দাবী জনাই মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াক এই স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *