Share and Enjoy !

Shares

প্ৰধানমন্ত্ৰীৰ বিশেষ অনুষ্ঠান ‘পৰীক্ষা পে চৰ্চা’ৰ নতুন সংস্কৰণে বিগত বৰ্ষৰ গীনিজ বুকৰ অভিলেখ ভংগ কৰিছে।

পৰীক্ষা পে চৰ্চা ২০২৬ৰ বাবে এই পৰ্যন্ত ৪ কোটিৰো অধিক অংশগ্ৰহণকাৰীয়ে নিজৰ নাম পঞ্জীয়ন কৰিছে।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ছ’চিয়েল মিডিয়াযোগে এই বিষয়ে সদৰি কৰে। তেওঁ কয় যে, চলিত বৰ্ষৰ পঞ্জীয়নৰ সংখ্যাই বিগত বৰ্ষৰ ৩ কোটি ৫০ লাখৰ সীমা অতিক্ৰম কৰি নতুন অভিলেখ গঢ়ি গীনিজ বুকত নাম অন্তৰ্ভূক্ত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই অনুষ্ঠান শিক্ষাৰ্থীক অনুপ্ৰেৰণা যোগোৱা এক ৰাষ্ট্ৰীয় জন-আন্দোলনলৈ পৰিৱৰ্তন হৈছে বুলিও তেওঁ উল্লেখ কৰে।

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এই অনুষ্ঠানে শিক্ষাৰ্থীৰ বাবে চাপ বিহীন, আশংকা বিহীন পৰিৱেশৰ সৃষ্টি কৰাত বিশেষ ভূমিকা পালন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *