Share and Enjoy !

Shares

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন অনুষ্ঠিত কৰাৰ ব্যাপক আয়োজন৷ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিল আৰু নাহৰবাৰীৰ মাজৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব এই অধিৱেশন।

এই অধিবেশন খনিলৈ মাজত মাথো ২৫ টা দিন বাকী।আছে

ইতিমধ্যে সুবিশাল কীৰ্তন গৃহ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ লগতে দূৰ-দূৰণিৰ ভকত সকলৰ আশ্ৰয় বাবে দুইশ ফুট দীঘল আৰু ওঠৰ ফুট বহল আকাৰৰ ২০০ টাৰো অধিক আশ্ৰয় শিবিৰৰ নিৰ্মাণ কাৰ্য্যও চলিছে তীব্ৰ গতিত৷

অহা ৬ ,৭ আৰু ৮ ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশন খনিক লৈ দিনে নিশাই চলিছে ব্যাপক প্ৰস্তুতি৷ মুঠতে বৃহত্তৰ জামুগুৰিহাট অঞ্চলটোৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৰাজ্যিক অধিবেশন খনি সৰ্ব্বাতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তুলিবলৈ ইতিমধ্যেই পূৰ্ণ প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে ৷

অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগা ভকতবৃন্দ, আইমাতৃ সকলৰ থকা শোৱা আৰু খোৱা বোৱাৰ বাবেও সকলো ব্যৱস্থা কৰিছে উদযাপন সমিতিয়ে ৷ ইয়াৰ বাবে দুশৰো অধিক আশ্ৰয় শিবিৰ আৰু মূল মণ্ডপ নিৰ্মাণ কাৰ্য্যত ব্যস্ত হৈ পৰিছে সংঘৰ সেৱক সকল।৷

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৰাজ্যিক অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি প্ৰভাকৰ বৰ্মণ,কাৰ্য্যকৰী সভাপতি বিধায়ক পদ্ম হাজৰিকা আৰু সম্পাদক বিপুল বৰা প্ৰমুখ্যে মূল বিষয়ববীয়া সকলে নিৰ্মাণকাৰ্য্য তদাৰক কৰি থাকি সঘনাই অগ্ৰগতিৰ বুজ লৈ থকা পৰিলক্ষিত হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *