Share and Enjoy !

Shares

ৰাজ্যত অব্যাহত আছে গৰু চোৰৰ বিৰুদ্ধে অভিযান।

জামুগুৰিহাটৰ গটাইমাৰীত বিধায়ক পদ্ম হাজৰিকাৰ গৰু চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান অভিযানত জব্দ কেইবাটাও চুৰি গৰু। দুখনকৈ LP ট্ৰাকত ভৰাই চুৰি গৰুসমুহ সৰবৰাহৰ চেষ্টা চলোৱাৰ সময়ত ৰাইজৰ সহযোগত বিধায়ক গৰাকীয়ে নিশা জব্দ কৰে।বাহনখন।

এই গৰুচুৰিৰ ঘটনাৰ লগত জড়িত জালালউদ্দিন নামৰ এজনক কৰায়ত্ত কৰে যদিও ইনামূল সহিতে আন কেইবাগৰাকীও পলাই যায়। ইতিমধ্যে চুৰি গৰুসমুহ জামুগুৰি আৰক্ষীক চমজাই দিয়া হৈছে।

এই গৰু চুৰি চক্ৰৰ লগত আন্তৰাষ্ট্ৰীয় গৰু চুৰি চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে বিধায়ক পদ্ম হাজৰিকাই। বিধায়ক গৰাকীয়ে গৰুচুৰি চক্ৰটোৰ লগত জড়িত সকলৰ বিৰুদ্ধে উচিত তদন্ত কৰি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *