Share and Enjoy !

Shares

Who is Himanta Biswa Sarma? সাংসদ গৌৰৱ গগৈৰ মন্তব্য।সাংসদ গৌৰৱ গগৈৰ প্ৰশ্নৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

মুখ্যমন্ত্ৰী শৰ্মাই প্ৰত্যুত্তৰত কয়, ‘‘হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি কোৱাৰ ইমান ডাঙৰকৈ কোৱাৰ কি দৰকাৰ আছে? মই দেউতা-মাৰ সন্তান। মই এজন সাধাৰণ ল’ৰা। মই ইমান গুৰুত্বপূৰ্ণ মানুহে নহয় যে অসমীয়া মানুহে হু ইজ হিমন্ত বুলি ক’ব।’’

তেওঁ কয়, ‘‘হিমন্ত বিশ্ব শৰ্মা সাধাৰণ অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ল’ৰা। তাতকৈ জাতিৰ পৰিচয় ডাঙৰ। অসমীয়াত্ব ডাঙৰ। এজন অসমীয়া মানুহক ‘Who is’ প্রশ্ন কৰা হ’ব নেকি? তাৰমানে মিঞা বদৰুদ্দিন আৰু অসমীয়া হিমন্ত একে হৈ গ’ল? অসমতে কাইলৈ কোনোবাই ক’ব হু ইজ প্ৰদীপ বৰা। এনেকুৱা হ’ব পাৰিব নেকি?’’

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘মই প্ৰয়াত কৈলাস নাথ শৰ্মা আৰু মৃণালিনী দেৱীৰ পুত্ৰ। GOOGLEত হিমন্ত বিশ্ব শৰ্মা SERCH কৰিলেই উত্তৰ পাব। আজি গৌৰৱ গগৈৰ প্ৰশ্নৰ পৰাই গম পোৱা যায় যে কংগ্ৰেছ অসমীয়াৰ লগত নাই।’’

Leave a Reply

Your email address will not be published. Required fields are marked *