অৱশেষত ক্ষমা বিচাৰিলে ন-কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰে! ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ পাছত ক্ষমা ভিক্ষা ন-কংগ্ৰেছীগৰাকীৰ।
উল্লেখ্য যে, দেওবাৰে কংগ্ৰেছত যোগদান কৰিয়েই আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰে বিতৰ্কিত মন্তব্য কৰিছিল। ৰেজাউল কৰিম সৰকাৰে আগন্তুক সময়ত শিৱসাগৰক ধুবুৰী আৰু ধুবুৰীক শিৱসাগৰ বনোৱা হ’ব বুলি মন্তব্য কৰিছিল।
এই মন্তব্য পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল।ৰেজাউল কৰিম সৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যদি ৰেজাউলে বাক্যটো প্ৰত্যাহাৰ নকৰে তেন্তে ৰেজাউল কৰিম সৰকাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল৷
ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ পাছতে আজি সংখ্যালঘু নেতাগৰাকীয়ে কয়, ‘‘মই মোৰ বক্তব্য উঠাই লৈছোঁ। মই সমন্বয় আৰু উন্নয়নৰ কথাহে কৈছিলোঁ। মই কু-মনোবৃত্তিৰে কথা কোৱা নাছিলোঁ। তথাপি মোৰ মন্তব্যই যদি কাৰোবাৰ মনত আঘাত দিছে, মই দুখ প্ৰকাশ কৰিছোঁ আৰু অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছোঁ।’’