কাইলৈ হেঁপাহৰ ভোগালী বিহুৰ উৰুকা।বজাৰত উভৈনদী হৈ পৰিছে ভোগালী বিহুৰ সামগ্ৰী।মহানগৰীৰ বজাৰ ভৰি পৰিছে ভোগৰ সামগ্ৰীৰে।
উৰুকাৰ দিনটোত লগে-ভাগে এসাঁজ খাবলৈ সাজু হৈছে ৰাজ্যবাসী। উৰুকাৰ পূৰ্বে ৰাজ্যৰ ঠাই বিশেষে বৃদ্ধি পাইছে মাছৰ দাম। ক’লা বেপাৰীয়ে উৰুকাৰ সময়ত বৃদ্ধি কৰিছে দাম।শেহতীয়াকৈ মাছৰ দামক লৈ SOP জাৰি কৰিলে প্রশাসনে।
বিশ্বনাথত উৰুকাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে জাৰি কৰিলে বিশেষ নিৰ্দেশনা।
বিশ্বনাথৰ বিহুৰ বজাৰত ৪ কেজি ওপৰৰ বাহুৰ দাম ৫০০-৬০০ টকা।
৪ কেজি ওপৰৰ ৰৌ মাছৰ দাম ৫০০-৬০০ টকা।
২ কেজি ওপৰৰ মিৰিকা মাছৰ দাম ৩৫০-৪০০ টকা নিৰ্ধাৰণ কৰা হৈছে।
একেদৰে, ৪ কেজি ওপৰৰ গ্ৰাচ কাৰ্পৰ দাম ৩৬০-৪৫০ টকা।
৩ কেজি ওপৰৰ চিলভাৰ কাৰ্পৰ দাম ৩১০-৩৫০ টকা।
৩ কেজি ওপৰৰ কমন কাৰ্পৰ দাম ৪০০-৫০০ টকা নিৰ্ধাৰণ কৰা হৈছে।
৪ কেজি ওপৰৰ বৰালিৰ দাম ৫০০-৬০০ টকা দৰত বিক্ৰী কৰিব লাগিব বিশ্বনাথৰ ব্যৱসায়ীয়ে।
৪ কেজি ওপৰৰ চিতলৰ দাম হ’ব ৬৫০-৮০০ টকা।
২ কেজিৰ ওপৰৰ শ’লৰ দাম ৬০০-৬৮০ টকা। আৰু ৩ কেজি ওপৰৰ আৰিৰ দাম ৫৬০-৫৯০ টকা নিৰ্ধাৰণ কৰা হৈছে।