Share and Enjoy !

Shares

আজি ধুবুৰীৰ গৌৰীপুৰৰ উপস্থিত হয় বিধায়ক অখিল গগৈ।গৌৰীপুৰৰ বটেৰতলত আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰাইজৰ দলৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে।

উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অখিল গগৈ।সভাত উপস্থিত থাকি সংবাদ মাধ্যমৰ সম্মুখত কেইবাটাও মন্তব্য কৰে।

দেওবাৰে কংগ্ৰেছত যোগদান কৰিয়েই আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰে বিতৰ্কিত মন্তব্য কৰা সন্দৰ্ভত অখিল গগৈৱে সংবাদ মাধ্যমৰ সন্মুখত বিধায়কগৰাকীয়ে কয়, শিৱসাগৰ, ধুবুৰীৰ ইতিহাস আছে, ঐতিহ্য আৰু সম্বৃদ্ধৰে ভৰপুৰ। শিৱসাগৰক কোনেও ধুবুৰী কৰিব নোৱাৰে আৰু ধুবুৰীকো কোনেও শিৱসাগৰ কৰিব নোৱাৰে। ভুলকৈ তথা শুদ্ধ কৈ হওক ৰেজাউল কৰিম সৰকাৰে কোৱা কথা ভুল আৰু তেওঁৰ বক্তব্য উঠাই লোৱাৰ লগতে ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে।

যি বক্তব্য বিজেপি,আৰ এছ এছক সহায় কৰিব তেনে বক্তব্য কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে । কংগ্ৰেছে যাতে এনেকুৱা কথা কোৱাৰ বাবে মঞ্চত অনুমতি নিদিয়ে

লগতে বিধায়কগাৰকীয়ে কয় যে আগতে এ আই ইউ ডি এফ দলৰ প্ৰাক্তন সাংসদ বদৰ উদ্দিন আজমলে অসমত লুংগি টুপিৰ চৰকাৰ গঠন কৰি আদি বিভিন্ন ধৰণৰ বিৰূপ মন্তব্যৰে পৰোক্ষভাৱে বিজেপিক সহায় কৰি অহাৰ দৰে ৰেজাউল কৰিম সৰকাৰে কৰা বক্তব্য সাম্প্ৰদায়িক বিজেপিক সহায় কৰিব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *