Share and Enjoy !

Shares

এইবাৰো তীৰ্থ নগৰী হাজোত অনুষ্ঠিত নহয় বুলবুলি চৰাই যুঁজ।

পুনৰ বুলবুলি যুঁজৰ ক্ষেত্ৰত ন্যায়ালয়ৰ নিষেধাজ্ঞা।

ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পিছতে কঠোৰ কামৰূপ জিলা প্ৰশাসন।

পত্ৰযোগে এইবাৰো খেল অনুষ্ঠিত নহয় বুলি শ্ৰীশ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ পৰিচালনা সমিতিক জনালে জিলা আয়ুক্তৰ কাৰ্য্যলয়ে।

মকৰ সংক্ৰান্তি দিনা অতীজৰে পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰত হৈছিল পৰম্পৰাগত যুজঁ।

ন্যায়ালয়ৰ নিৰ্দেশনা মানি খেল বাতিল কৰিলে মন্দিৰ পৰিচালনা সমিতিয়ে।

এইবাৰো খেল অনুষ্ঠিত কৰিব নোৱাৰি দুখ প্ৰকাশ মন্দিৰ পৰিচালনা সমিতিৰ।

২০১৫ চনত ন্যায়ালয়ৰ এক নিষেধাজ্ঞাৰ পাছত ৯ বছৰে অনুষ্ঠিত হোৱা নাছিল বুলবুলি চৰাইৰ যুঁজ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে SOP অনুসৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ২০২৪ বৰ্ষত পুনৰ অনুষ্ঠিত হৈছিল বুলবুলি চৰাইৰ যুঁজ।এইবেলি পুনৰ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশনা মানি বুলবুলি চৰাইৰ যুঁজ অনুস্থিত নকৰাৰ সিদ্ধান্ত লয় মন্দিৰ পৰিচালনা সমিতিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *