Share and Enjoy !

Shares

ধেমাজিত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত পিতা-পুত্ৰ।

জানিব পৰা মতে, সোমবাৰে নিশা প্ৰায় ৯ মান বজাত এখন আই টুৱেন্টী বাহনে হাতীগড়স্থিত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত অনুষ্ঠিত ৰূপালী জয়ন্তী অনুষ্ঠানৰ পৰা পিতৃ জ্যোতি প্ৰসন্ন গগৈ আৰু নৱম শ্ৰেণীৰ ছাত্ৰ তথা তেওঁৰ পুত্ৰ সংগীত গগৈৰ সৈতে ঘৰমুৱা হয়।।সেই সময়তে নলনীপাম বজাৰৰ সমীপত তীব্ৰবেগী ধেমাজি জিলা উন্নয়ন বিষয়া দেৱেশ্বৰ বৰাৰ চৰকাৰী ইন’ভাৰ খুন্দাত গুৰুতৰভাৱে আহত হয় পিতা-পুত্ৰ। আহত পিতা-পুত্ৰক ডিব্ৰুগড়ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

ইফালে, এই ঘটনাৰ পিছতেই জিলা উন্নয়ন আয়ুক্তৰ বাহনৰখনৰ চালক পলায়ন কৰে৷ জানিব পৰা মতে, দুৰ্ঘটনাৰ সময়ত বাহনত নাছিল জিলা উন্নয়ন আয়ুক্ত গৰাকী।৷

Leave a Reply

Your email address will not be published. Required fields are marked *