ভোগালী বিহুৰ আনন্দ উচাহৰ মাজতে বিজনীত ভয়ংকৰ পথ দুৰ্ঘটনা।
বিজনী আনন্দবজাৰ পথৰ ডোঙাগাঁৱত স্কৰপি’ও আৰু ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ।সংঘৰ্ষত গুৰুতৰভাৱে আহত ই-ৰিক্সাৰ আৰোহী সুৰেণ বসুমতাৰী আৰু চালক এণ্টনী ওৱাৰী।
দুৰ্ঘটনাটোত সুৰেণ বসুমতাৰীৰ বাওঁ ভৰি সম্পূৰ্ণৰূপে ভাঙি যায়।
আনন্দবজাৰৰ দিশৰ পৰা আহি থকা AS 26G 4209 নম্বৰৰ স্কৰপি’ও খনে সন্মুখৰ পৰা খুন্দা মাৰে ই-ৰিক্সা খনত।
আহত সুৰেণ বসুমতাৰীক ততাতৈয়াকৈ বিজনী মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
ঘটনাস্থলিত বিজনীৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।