Share and Enjoy !

Shares

পুনৰ বহিঃৰাজ্য মৃত্যু অসমৰ যুৱকৰ।প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷

উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ। মঙলবাৰে পুৱা কেৰালাত কৰ্মৰত অৱস্থাতে দুৰ্ঘটনাগ্ৰস্ত হৈ চিচিবৰগাঁৱৰ এজন শ্ৰমিকৰ মৃত্যু ।

ঘটনাৰ বিৱৰণী অনুসৰি, চিচিবৰগাঁৱৰ চকামৰা কৈৱৰ্ত গাঁৱৰ গমন দাসৰ পঁচিশ বছৰীয়া পুত্ৰ বাব্লু দাস নামৰ যুৱকজন কেৰেলাৰ কতেম্ জিলাৰ কাদুৱা কলম নামৰ ঠাইত অৱস্থিত S P Mat company নামৰ প্লাষ্টিক আৰু ৰবৰৰ দলিচা নিৰ্মাণ কাৰখানাত কৰ্মৰত হৈ আছিল । সোমবাৰৰ দিনা নিশাৰ পৰা যুবকজনে ফেক্টৰিৰ নিৰ্মাণ কাৰ্য্যত ব্যস্ত হৈ থকাৰ সময়তে মঙলবাৰে পুৱা প্ৰায় ৫ বজাত মেচিনত কাম কৰি থাকোঁতেই হঠাৎ এখন হাত মেছিনত সোমাই যায়।

চলি থকা মেচিনে হাতখন ভাঙি গুৰি কৰি পেলোৱাৰ লগতে ভিতৰলৈ টানি নিয়ে গোটেই মানুহটোক । ফলত মুৰেৰে সৈতে ডিঙিটো ভাঙি পেলায়। ঘটনাটো দেখাৰ লগে লগে লগৰীয়া শ্ৰমিকসকলে মেচিন বন্ধ কৰি দিয়ে যদিও বাব্লুৰ থিতাতে মৃত্যু হয়।

পিছত ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত কেৰেলা আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।

 

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *