Share and Enjoy !

Shares

বিশিষ্ট আলোকচিত্ৰ শিল্পী তপন দাসলৈ ২০২৬ বৰ্ষৰ ‘অমূল্য মান্না আলোকচিত্ৰ বঁটা’ । বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ঘোষণা বঁটা প্ৰাপকৰ নাম।

১৯ জানুৱাৰীত নগাঁৱত প্ৰদান কৰা হ’ব এই সন্মান। এই বঁটাত আছে নগদ বিশ হাজাৰ টকা, স্মাৰক , মানপত্ৰ আৰু অন্যান্য ।

যশস্বী আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ পৰিচালক অমূল্য মান্নাৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদেশ্যৰে অসমৰ কেইগৰাকীমান সংস্কৃতিবান ব্যক্তিৰ প্ৰচেষ্টাত ২০১৫ চনত অমূল্য মান্না স্মৃতি ৰক্ষা সমিতি গঠন কৰা হৈছিল ।

প্ৰতি বছৰেই শিল্পীগৰাকীৰ মৃত্যু দিৱসৰ দিনা ১৯ জানুৱাৰীত অসমৰ এগৰাকী অগ্ৰণী , প্ৰবীণ আলোকচিত্ৰ শিল্পীক এই বঁটা প্ৰদান কৰি অহা হৈছে ।২০২১ বৰ্ষৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে । বিগত বৰ্ষসমূহত এই বঁটা লাভ কৰিছে – প্ৰখ্যাত আলোকচিত্ৰ শিল্পী নলিনী বৰুৱা, সমীৰ চৌধুৰী, মহেন্দ্ৰ বৰুৱা, সুমন দুৱৰা আৰু উৎপল দত্তই ।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *