Share and Enjoy !

Shares

বৃহস্পতিবাৰে বিলাসীপাৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুটাকৈ অনুষ্ঠানত অংশগ্ৰহণ কৰে।। বিলাসীপাৰা আই এন এ খেলপথাৰত অনুষ্ঠিত হয় মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ১০ নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ ১৮,৩৭৫ গৰাকী লাখপতি বাইদেউৰ মাজত বিতৰণ কৰে চেক।

আঁচনিৰ চেকসমূহ লাভ কৰি আনন্দত উৎফুল্লিত লাখপতি বাইদেউ। প্ৰথম পৰ্যায়ৰ ১০ হাজাৰ টকা ভাল কামত লগালে দ্বিতীয় পৰ্যায়ত লাখপতি বাইদেউয়ে লাভ কৰিব ২৫ হাজাৰকৈ টকা আৰু তৃতীয় পৰ্যায়লৈ লাভ কৰিব ৫০ হাজাৰকৈ টকা।

বিলাসীপাৰা আই এন এ খেলপথাৰৰ অনুষ্ঠান শেষ কৰি মুখ্যমন্ত্ৰীয়ে বিলাসীপাৰাৰ খুদিগাঁৱত শুভ উদ্বোধন কৰে অসমৰ প্ৰথমটো সৌৰ শক্তিৰ প্ৰকল্প। খুদিগাঁৱত ৩৫০ কোটি টকা ব্যায় সাপেক্ষে ১০০০বিঘা ভূমিত নিৰ্মাণ কৰা ৭০ মেগাৱাটৰ সৌৰ শক্তি প্ৰকল্পৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে দ্বিতীয় বিবাহ প্ৰতিৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিব বুলি সদৰী কৰে।মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘গিৰিয়েকসকলে যদি দ্বিতীয়বাৰ বিয়া কৰাব খোজে, চৰকাৰক লগে-লগে কমপ্লেইন দিব পাৰিব। এতিয়া মই নম্বৰো দিম। যেনেকৈ স্বাস্থ্যজনিত জৰুৰী অৱস্থাৰ বাবে ১০৮ আছিল, তেনেকৈ ১১৪ নম্বৰ দিম। যাতে মহিলাসকলে লগে লগে মোক ফোন কৰিব পাৰে’’

Leave a Reply

Your email address will not be published. Required fields are marked *