Share and Enjoy !

Shares

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ আজি দ্বিতীয়টো দিন আজি কলিয়াবৰৰ মৌচন্দা পথাৰত বিশাল জনসভা সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ৷ প্ৰায় ডেৰ লক্ষাধিক লোকৰ সমাগম হয় প্ৰধানমন্ত্ৰীৰ সভাত।ইপিনে প্ৰধানমন্ত্ৰীগৰাকীক ওচৰৰ পৰা স্ব-চক্ষে প্ৰধানমন্ত্ৰীগৰাকীক চাবলৈ উপস্থিত হৈছে ৰাইজ। উজনি-নামনিৰ পৰা আহিছে বহু লোক।

এই বিশাল জনসমাৱেশত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক সমালোচনাৰ লক্ষ্য কৰি লয়

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘ আমাৰ ৰাজ্যখন আধুনিক অসম নিৰ্মাণৰ দিশত মাইলৰ খুঁটিত উপনীত হৈছে । কাজিৰঙাৰ বন্যপ্ৰাণী ৰক্ষাৰ বাবে ৭ হাজাৰ কোটি টকা উপহাৰ দিছে প্রধান মোদীয়ে। ৩৪ কিঃমিঃ দীঘল এলিভেটেড কৰিড’ৰ অসমবাসীক উপহাৰ দিয়া বাবে অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক কৃতজ্ঞতা জনাইছোঁ। এলিভেটেড ক’ৰিডৰে যোৰহাট আৰু গুৱাহাটীৰ দূৰত্ব ১ঘণ্টা কম কৰিব।’’

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘আজি আমি অবিচল, অটল, আত্মবিশ্বাসী জাতিত পৰিণত হৈছোঁ। আমাক কোনোৱে ৰঙাচকু দেখুৱালে মৰণপণ যুঁজলৈ সাজু। অসমীয়া লোকক ৰঙাচকু দেখুওৱাসকলক উচ্ছেদ কৰিছোঁ।’’

‘‘এতিয়া কাজিৰঙাত কোনেও বেদখল কৰিব নোৱাৰে। কাজিৰঙাত এতিয়া কোনেও গঁড় হত্যা কৰিব নোৱাৰে।’’ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে।

এলিভেটেড কৰিড’ৰৰ বিৰোধিতা কৰা গৌৰৱ গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘গৌৰৱ গগৈয়ে বিৰোধিতা কৰি থাকক। অসমে আকাশ চুৱাৰ সপোন দেখিছে। অসমক দেশৰ এখন শ্ৰেষ্ঠ ৰাজ্যৰূপে প্ৰতিষ্ঠা কৰিম। পাকিস্তানী এজেণ্টৰ ওচৰত আমি শিৰনত নকৰোঁ।’’

অসমত দুটা দিনত ৩খনকৈ ৰে’ল উপহাৰ প্ৰধানমন্ত্ৰী মোদীৰ। অসমৰ ৰে’ল যোগাযোগৰ এনে উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ মুখ্যমন্ত্ৰীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *