Share and Enjoy !

Shares

বিমানত বোমাতংক! দিল্লীৰ পৰা বাগডোগৰা অভিমুখী বিমানত বোমাতংক!

আৰক্ষীৰ সূত্ৰ অনুসৰি, দেওবাৰে ২৩৮জন যাত্ৰী লৈ দিল্লীৰ পৰা বাগডোগৰা অভিমুখে ৰাওনা হোৱাৰ সময়তে বিমানখনত বোমা ৰখা আছে বুলি ভাবুকি আহে। ফলত লক্ষ্ণৌ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিবলগীয়া হয় বিমানখন।

ঘটনা সন্দৰ্ভত এচিপি ৰাজনীশ বাৰ্মাই জনায়, সেই বিমানখনৰ শৌচাগাৰত এখন টিছ্যু পেপাৰত লিখা আছিল ভাবুকিভৰা বাৰ্তা। আৰু ইয়াৰ ফলতে উৰণৰ পিছতে দিল্লীৰ পৰা বাগডোগৰা অভিমুখী বিমানখনক লক্ষ্ণৌত জৰুৰী অৱতৰণ কৰোৱা হয়।

জানিব পৰা মতে, লক্ষ্ণৌত নিৰাপদেই অৱতৰণ কৰে বিমানখন। সেই বিমানখনত মুঠ ২৩০জন যাত্ৰী আছিল। ইয়াৰ ভিতৰত ৮টি শিশু আৰু ২ পাইলট আৰু ৫জন ক্ৰিউ মেম্বাৰ আছিল।

জানিব পৰা মতে, কৰ্তৃপক্ষৰ ওচৰলৈ দেওবাৰে পুৱা ৮.৪৬ বজাত এয়াৰ ট্ৰাফিক কন্ট্ৰোলৰ পৰা খবৰ আহে। ইয়াৰ পিছত পুৱা ৯.১৭ বজাত বিমানখন নিৰাপদে অৱতৰণ কৰোৱায়।

Leave a Reply

Your email address will not be published. Required fields are marked *