Share and Enjoy !

Shares

‘নবীন’ৰ কান্ধত বিজেপিৰ ৰাষ্ট্রীয় সভাপতিৰ দায়িত্ব। বিজেপিৰ নতুন ৰাষ্ট্রীয় সভাপতি নীতিন নবীন।বিজেপিৰ ইতিহাসত সৰ্বকনিষ্ঠ সভাপতি নীতিন নবীন

মঙলবাৰে আনুষ্ঠানিকভাৱে নীতিন নবীনক নতুন ৰাষ্ট্ৰীয় সভাপতি হিচাপে ঘোষণা কৰে ভাৰতীয় জনতা পাৰ্টীয়ে

নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ থকা বিজেপিৰ ‘সংগঠন পৰ্ব’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ বিদায়ী ৰাষ্ট্ৰীয় প্ৰধান জে পি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ উপস্থিতিত নীতিন নবীনক নিৰ্বাচনৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া কে লক্ষ্মণে ।

নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় মুখ্য কাৰ্যালয়ত নীতিন নবীনক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “বিশ্বৰ বৃহত্তম ৰাজনৈতিক দলৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা বাবে নীতিন নবীনলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ । বিগত কেইবামাহো ধৰি সংগঠনটোৰ আটাইতকৈ সৰু ইউনিটৰ পৰা ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনলৈকে সমগ্ৰ প্ৰক্ৰিয়াটো এশ শতাংশ গণতান্ত্ৰিক পদ্ধতিৰে সম্পন্ন হৈছে । আজিৰ এই প্ৰক্ৰিয়াটোও সঠিক আৰু আনুষ্ঠানিকভাৱে সম্পূৰ্ণ হৈছে ।”

বিজেপিৰ মুখ্য কাৰ্যালয়ত দলীয় কৰ্মীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “দলক শক্তিশালী কৰাত অৱদান আগবঢ়োৱা বিজেপিৰ সকলো প্ৰাক্তন সভাপতিক ধন্যবাদ জনাইছোঁ ।”

প্ৰধানমন্ত্ৰীয়ে লগতে অতি স্পষ্টভাৱে কয়, “মই এগৰাকী দলীয় কৰ্মী আৰু দলৰ সৈতে জড়িত বিষয়ত নীতিন নবীন মোৰ বছ”

Leave a Reply

Your email address will not be published. Required fields are marked *