Share and Enjoy !

Shares

অব্যাহত আছে জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত গৰু চুৰৰ উপদ্ৰৱ৷ সোমবাৰে নিশা জামুগুৰিহাটৰ পাতলৰচুক গাঁৱৰ ভাৰত ভূঞাৰ ঘৰৰ পৰা চুৰে লৈ যায় চাৰিজনীকৈ উন্নত প্ৰজাতিৰ গাই গৰু ৷ ভাৰত ভূঞাৰ মূল বাসগৃহৰ চৌহদৰ লোহাৰৰ গেটৰ তলা আৰু গোহালিৰ তলা ভাঙি গৰু কেইজনী চুৰি কৰি নিয়াত দুখত ভাগি পৰে গৰুৰ গৰাকী।

প্ৰায় দুই লাখ টকাৰ গৰু চুৰি কৰি নিয়া বুলি মন্তব্য কৰে ভাৰত ভূঞাই ৷ গৰুৰ গৰাকীয়ে এই সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰখিছে বুলি দানিব পৰা গৈছে। উল্লেখ্য যে গাওঁখনৰ পৰা ইয়াৰ পূৰ্বে কেইবাটাও গৰু চুৰি কৰি নিছে চোৰে ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *