মঙলদৈত চাঞ্চল্যকৰ ঘটনা। বুধবাৰে নিশাই ১৬টাতকৈ ও অধিক মন্দিৰৰ মূৰ্তি ভাঙি লণ্ড ভণ্ড কৰিলে দুৰ্বৃত্তই।
তথ্য অনুসৰি, চেৰেং মন্দিৰ, দৰং জিলাৰ মোৱামাৰী, গেৰিমাৰী আৰু গোঁসাইগাঁও অঞ্চলত বুধবাৰে নিশা অচিনাক্ত দুস্কৃতিকাৰীয়ে মা কালীৰ ১৬টাতকৈও অধিক মূৰ্তি ভাঙি থৈ যায়।
আজি পুৱা নিয়মিতভাৱে পূজা কৰিবলৈ অহা পূজাৰীয়ে এই দৃশ্য দেখি হতভম্ব হৈ স্থানীয় ৰাইজক খবৰ দিয়ে। মন্দিৰ চৌহদত ভঙা মূৰ্তি, লণ্ডভণ্ড পূজা সামগ্ৰী আৰু ধ্বংসৰ চিহ্ন দেখি আৱেগিক হৈ পৰে স্থানীয় লোকসকল।
ঘটনাৰ পাছতেই অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয় যদিও, সচেতন নাগৰিক আৰু সমাজৰ আগশাৰীৰ লোকসকলে শান্তি আৰু সংযম বজাই ৰাখে। আনহাতে, স্থানীয় ৰাইজে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত দৰং জিলাৰ আৰক্ষী অধীক্ষকক খবৰ দিয়ে। আৰক্ষী অধীক্ষক গৰাকীয়ে খবৰ পোৱাৰ পিছতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে দোষীক অতি শীঘ্ৰে চিনাক্ত কৰি আইনৰ অধীনত কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই।