Share and Enjoy !

Shares

গোৱাত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু ৰাছিয়াৰ এজন যুৱকে অতি নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ আমগুৰিৰ মৃদুস্মিতা শইকীয়াক।

ইফালে ঘটনাক লৈ পোহৰলৈ আহিছে এক বিস্ফোৰক তথ্য – কেৱল এগৰাকীকেই নহয়, মুঠ ৩ গৰাকী যুৱতীক হত্যা কৰাৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে। ইতিমধ্যে অভিযুক্তই হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে।

জানিব পৰা মতে, আমগুৰিৰ মৃদুস্মিতা শইকীয়াই প্ৰায় ৪ বছৰ ধৰি কৰ্মসূত্ৰে গোৱাত বসবাস কৰি আছিল। মাঘ বিহুৰ দিনাই ভাড়াঘৰৰ মালিকে যুৱতীগৰাকীৰ মৃত্যু সন্দৰ্ভত পৰিয়ালৰ লোকক খবৰ দিয়াৰ পাছতে গোৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰাছিয়ান যুৱক এলেক্সি লিয়োনোভক আটক কৰিছে। যুৱতীগৰাকীৰ ড্ৰাগছ অভাৰডোজৰ ফলত মৃত্যু হোৱাৰ কথা পোহৰলৈ আহিছে। কিন্তু যুৱকজনে স্বীকাৰ কৰে, তেওঁ যুৱতীগৰাকীক ড্ৰাগছ দি হত্যা কৰাৰ কথা ।ইয়াৰোপৰি আন দুগৰাকী ৰাছিয়ান যুৱতীক যুৱকজনে হত্যা কৰাৰ কথাও স্বীকাৰ কৰিছে । এই সমগ্ৰ কাণ্ড সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *