Share and Enjoy !

Shares

জম্মু-কাশ্মীৰৰ ডোডাত ভয়ংকৰ পথ দুৰ্ঘটনা।

ডোডা জিলাত সেনা বাহিনীৰ এখন বাহন বাগৰি পৰিল ২০০ ফুট দ খাৱৈত।

দুৰ্ঘটনাত ১০গৰাকী সেনা জোৱান ছহিদ হোৱাৰ লগতে আহত হৈছে আন কেইবাজনো জোৱান।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ভদ্ৰৱাহ-ছাঁবা সংযোগী পথত খানটোপ এলেকাৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন বাগৰি পৰে দ’ খাৱৈত।দুৰ্ঘটনাত পতিত বাহনখনত ১৭জনকৈ জোৱান।আছিল বুলি জানিব পৰা গৈছে।

সেনাৰ বাহনখন দ’ খাৱৈত বাগৰি পৰাৰ পাছতে স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰাৰ পাছত হাস্পতাললৈ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *