আজি ভাৰতীয় জনতা পাৰ্টিৰ সংকল্প পত্ৰ প্ৰস্তুতৰ বাবে ‘পৰামৰ্শ গ্ৰহণ ভান’ মুকলি কৰি অনুষ্ঠান অনুষ্ঠিত কৰে। অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই। অনুষ্ঠানত অংশ লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰী
অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ১৪ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব । আগন্তুক বিধানসভা নিৰ্বাচনৰ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। খানাপাৰাত বুথ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। এই সভা আগন্তুক বিধানসভা নিৰ্বাচন কেন্দ্ৰিক হ’ব। প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং। গুৱাহাটীত স্থিতি IIMৰ নতুন চৌহদ মুকলি কৰিব প্রধানমন্ত্ৰীয়ে। লগতে ১০০ খন নতুন বৈদ্যুতিক বাছৰো শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে। ভাৰত চৰকাৰে অসম চৰকাৰলৈ আগবঢ়াইছে ১০০খন ইলেক্টনিক বাছ। ডিব্ৰুগড়তো অনুষ্ঠিত হ’ব পাৰে প্ৰধানমন্ত্ৰীৰ মুকলি সভা।’’
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ উচ্ছেদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ‘‘গুৱাহাটীৰ পাহাৰত অবৈধ দখল কৰা মিঞাকহে কৰা হ’ব উচ্ছেদ। কোনো অসমীয়াৰ ওপৰত নহয় এই উচ্ছেদ অভিযান। একাংশই অসত্য বাতৰি প্ৰচাৰ কৰিছে।’’