আজি ২৬ জানুৱাৰী, গণৰাজ্য দিৱস। সমগ্ৰ দেশতে আজি উদযাপন কৰা হয় ৭৭ সংখ্যক গণৰাজ্য দিৱস। খানাপাৰাত পতাকা উন্মোচন কৰিলে ৰাজ্যপালে আনফালে ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ জাতীয় পতাকা উন্মোচন কৰিলে মুখ্যমন্ত্ৰীয়ে।
সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো ৭৭ সংখ্যক গণৰাজ্য দিৱস আজি উলহ-মালহেৰে উদযাপন কৰা হয়। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নগাঁও ক্ৰীড়া সংস্থাৰ (নুৰুল আমিন) খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত গণৰাজ্য দিৱসৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাই। উক্ত অনুষ্ঠানত নগাঁৱৰ বিবেকানন্দ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে।
উল্লেখযোগ্য যে, পতাকা উত্তোলনৰ পিছতে জিলাখনৰ নির্বাচিত ২০ গৰাকীকৈ বিশিষ্ট শিল্পীয়ে বন্দে মাতৰম গীতটি পৰিৱেশন কৰে।কেইবাসহস্ৰাধিক লোকৰ উপস্থিতিত দেশৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি মন্ত্ৰীগৰাকীয়ে ৰাইজৰ উদ্দেশ্যে দিয়া ভাষণৰ প্ৰাৰম্ভিকতে দেশৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদসকলৰ চৰম ত্যাগ আৰু মুক্তি যুঁজাৰুসকলৰ অমৰ দেশপ্ৰেমক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।
আজিৰ গণৰাজ্য দিৱসৰ সাংস্কৃতিক কাৰ্যসূচীত বিহু নৃত্যৰ গীণিজ বুক ৰেকৰ্ডত অনুষ্ঠানত অংশগ্ৰহণ কৰা নগাঁও জিলাখনৰ বিহুৱতী আৰু শিল্পীসকলে বিহু নৃত্য পৰিৱেশন কৰে। উক্ত সাংস্কৃতিক কাৰ্যসূচীত এই বৰ্ষত গুৱাহাটীত অনুষ্ঠিত বাগুৰুমবা নৃত্য প্রদর্শন অনুষ্ঠানত অংশগ্ৰহণ কৰা জিলাখনৰ শিল্পীসকলে বাগুৰুমবা নৃত্য পৰিৱেশন কৰে। ইয়াৰ পিছতেই ভাৰতীয় সেনাই পতাকা স্থলীত দ্ৰোণ এয়াৰ কাৰুকাৰ্য পৰিদৰ্শন কৰে।
অনুষ্ঠানত প্ৰেৰেডৰ কুচকাৱাজ আৰু প্ৰতিকপদ প্ৰদৰ্শন কৰা শ্ৰেষ্ঠ দল সমূহক বঁটাৰে সন্মানিত কৰা হয়। আজি গণৰাজ্য দিৱসৰ মূল কাৰ্যসূচীৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্য দান, শ্বহীদ তৰ্পণ, নেতাজী সুভাষ চন্দ্ৰ বসু, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, মতিৰাম বৰাৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ লগতে হলধৰ ভূঞা, মহেন্দ্ৰ নাথ হাজৰিকা, দেৱকান্ত বৰুৱা আৰু পূৰ্ণচন্দ্ৰ শৰ্মাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে।নগাঁও ক্ৰীড়া সন্থাৰ (নুৰুল অমিন) খেলপথাৰত অনুষ্ঠিত দেশৰ ৭৭ সংখ্যক আজিৰ এই গণৰাজ্য দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, সমাজকৰ্মী ক্ৰমে- মণিমাধৱ মহন্ত, সুবৰ্ণ সিং, মুক্তি যুঁজাৰু আৰু শ্বহীদ পৰিয়ালৰ সদস্য সকল, জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল, সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ বিষয়াসকল, জিলাখনৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়, ছাত্র-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী আৰু বহুসংখ্যক গণ্য-মান্য ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।