মঙলবাৰে তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত টিংৰাই ষ্টেডিয়ামত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।টিংৰাই ষ্টেডিয়ামত উপস্থিত থাকি সমষ্টিটোৰ ১৭,২৬৪ গৰাকী মহিলাক ১০ হাজাৰকৈ টকাৰ চেক বিতৰণৰ আনুষ্ঠানিক আৰম্ভণি কৰে ।
সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ ডিগবৈৰ টিকটপ্ৰত্যাশীৰ ক্ষেত্ৰতো মন্তব্য আগবঢ়ায় । সমষ্টিটোত জনপ্ৰিয়তাৰ ওপৰত ভিত্তি কৰি টিকট প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ।
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে সভাত কয়, “যদি মিঞাই কষ্ট নাপায়, দুলীয়াজান আহি গ’ল, তিনিচুকীয়াও আহি গ’ল ৷ কেইদিনমানৰ আগতে তিনিচুকীয়াত মাটি কিনা-বেচাৰ এখন লিষ্ট পাইছিলোঁ । তাত দেখা পালোঁ যে হিন্দু মানুহে মাটি বিক্ৰী কৰাৰ সংখ্যা অধিক আৰু মিঞা মুছলমানে কিনাৰ সংখ্যা অধিক । গতিকে এতিয়াই যদি আমি সাৱধান নহওঁ কেতিয়া সাৱধান হ’ম ।”
ইফালে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত কয় যে, “ভোট চুৰি মানে কি, আমি অলপ মিঞাৰ ভোট চুৰি কৰিব বিচাৰিছোঁ ৷ মিঞাসকলেতো নিয়ম অনুসৰি ভোটেই দিব পাব নালাগে ইয়াত, বাংলাদেশত দিব লাগে । তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ ব্যৱস্থা আমি কৰিছোঁ । অসমত যেতিয়া এছ আই আৰ আহিব তেতিয়া ৪-৫ লাখ মিঞা ভোট কাটিব লাগিব । গতিকে এইটোত কংগ্ৰেছে মোক কিমান গালি পাৰে পাৰক, মোৰ কাম হৈছে মিঞাক কষ্ট দিয়া । এছ আৰততো অসমীয়া মানুহে কষ্ট পোৱা নাই । অলপ মিঞাই কষ্ট পাওক, তাত আমি কিয় বেয়া পাব লাগে ।” এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।