শুৱালকুছি আৰু দদৰা আৰক্ষীৰ যৌথ অভিযান। অভিযানত জব্দ চুৰি হোৱা বহু সোণ আৰু ৰূপৰ আ-অলংকাৰ। নলবাৰীৰ শনিৰোড চ’কৰ “মা আনোৱাৰা জুৱেলাৰী আৰু হাজোৰ বুল্লুট চ’কৰ “মামা ভাগিন জুয়েলাৰ্ছ”ত জব্দ চুৰি হোৱা আ-অলংকাৰ।
লগতে আৰক্ষীয়ে জব্দ কৰে কেইবা লাখ টকা নগদ ধন। দুটাকৈ চোৰক লগত লৈ আৰক্ষীয়ে চলাইছিল এই অভিযান।
২৫ জানুৱাৰীত দদৰা আৰক্ষীয়ে আটক কৰিছিল পাঁচটা কৈ দুৰ্ধৰ্ষ চোৰক। ধৃত চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়ে আজি দুই স্থানত অভিযান চলাই জব্দ কৰে প্ৰায় ১ কোটি টকা মূল্যৰ সোণ-ৰূপৰ আ-অলংকাৰ। দুয়োখন বিপনীতে অভিযান চলাই আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে চাৰিজনকৈ লোকক।