Share and Enjoy !

Shares

সমগ্ৰ ৰাজ্যতে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী (Assam Police Drive Against Cattle Smuggling)। ড্ৰাগছ,পশুধন সৰবৰাহ আদিৰ বিৰুদ্ধে সষ্টম ৰাজ্যৰ প্ৰশাসন। অসম আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন বে-আইনী কামৰ বিৰুদ্ধে চলাই আহিছে অভিযান। আৰক্ষী-প্ৰশাসন যিমানে সষ্টম হৈছে সিমানে বাঢ়ি গৈছে অপৰাধীৰ সংখ্যা। একাংশ অসাধু চক্ৰই ঠায়ে ঠায়ে বিভিন্ন অঞ্চলত এতিয়াও চলাই আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়(Cattle Smuggling)।

ৰাজ্য চৰকাৰে পশুধনৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ২০২১ চনত গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল। এই গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে। গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত বাধা আৰোপ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ(Cattle Smuggling)।

অবৈধ গৰু সৰবৰাহ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কঠোৰ হৈছে অসম আৰক্ষী। ৰাজ্যত বিভিন্ন স্থানত দিনে নিশাই চলাই আছে অভিযান। বিভিন্ন স্থানত অভিযান চলাই ইতিমধ্য়ে অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু সৰবৰাহকাৰী।

চোৰাং গৰুৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ সমান্তৰালকৈ চামগুৰিৰ সোণাৰিবালি আৰু নগাঁৱৰ পুৰণিগুদামত আৰক্ষীৰ অভিযান। অভিযানত জব্দ দুখনকৈ গৰু ভৰ্তি কন্টেনাৰ

উজনি অসমৰ পৰা গৰুকেইটা সৰবৰাহৰ চেষ্টা কৰিছিল দুষ্ট চক্ৰই। ইপিনে আৰক্ষীৰ অভিযানত জব্দ AS25EC0383 আৰু MH12LT9973নম্বৰৰ দুখন কন্টেনাৰ। আৰক্ষীয়ে অভিযানত দুজনকৈ লোককো আটক কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *