Share and Enjoy !

Shares

ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ।

ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে।

পুনৰ ৰাজ্যত ডাম্পাৰৰ দৌৰাত্ম্য । পুৱাৰ পৰা নিশালৈ এটা পথত চলে শ শ ডাম্পাৰ।নগাঁৱৰ বঢ়মপুৰত ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ স্থানীয় ৰাইজ। দীৰ্ঘদিনে ডাম্পাৰ চলাচলৰ ফলত জীয়াতু ভুগি আহিছে অঞ্চলটোৰ ৰাইজে।

উল্লেখ্য যে, বঢ়মপুৰ হাতিয়নীভেটাত এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাইজে বন্ধ কৰি দিলে ডাম্পাৰৰ চলাচল। তীব্ৰবেগী এখন ডাম্পাৰে এজন বাইক আৰোহীক পিছ ফালৰ পৰা খুন্দা মাৰি পলায়ন কৰে। ইপিনে ডাম্পাৰ খন ৰাইজে খেদি খেদি প্ৰায় দুই কিলোমিটাৰ আঁতৰত আবদ্ধ কৰে। বঢ়মপুৰত দৈনিক একাংশ ডাম্পাৰে ত্ৰাসৰ সৃষ্টি কৰি আহিছে ।

আনহাতে দুৰ্ঘটনাত গুৰুত্বভাৱে আহত বাইক আৰোহী জনক নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ডাম্পাৰ খনৰ নম্বৰ AS 02B C2545 বুলি জানিব পৰা গৈছে। এই ডাম্পাৰসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ প্ৰশাসনক দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *