Share and Enjoy !

Shares

মঙলবাৰে বড়ো জনগোষ্ঠীয়সকলৰ মূল দেৱতা পবিত্ৰ বাথৌ পূজা পালন কৰে। মাঘ মাহৰ দ্বিতীয়টো মঙলবাৰে বড়ো জনগোষ্ঠীৰ বাবে অতি পবিত্ৰ দিন।

পৰম্পৰা অনুসৰি মাঘ মাহৰ দ্বিতীয়টো মঙলবাৰে প্রতি বছৰে বড়ো সমাজে গভীৰ ভক্তি আৰু আস্থাৰে বাথৌ পূজা পালন কৰি আহিছে। এই পবিত্ৰ উপলক্ষে বাক্সা জিলাৰ বৰমা অঞ্চলতো মঙলবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বাথৌ পূজাৰ আয়োজন কৰা হৈছে, যিয়ে সমগ্ৰ অঞ্চলত এক ধৰ্মীয় তথা উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে।

এই বৰ্ষৰ বাথৌ পূজা উৎসৱৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে ৬২ নং বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়োৱে। তেওঁ বাথৌ মন্দিৰৰ দ্বাৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ পাছতেই পূজা-অৰ্চনাৰ মূল কাৰ্যসূচী আৰম্ভ হয়। এই উপলক্ষে স্থানীয় ৰাইজৰ লগতে দূৰ-দূৰণিৰ পৰা অহা ভক্ত-দৰ্শনাৰ্থীৰ উপস্থিতিয়ে বাথৌ মন্দিৰ চৌহদ মুখৰিত কৰি তোলে।

এইবাৰ বৰমাত ৫২ সংখ্যক বাথৌ উৎসৱ বিভিন্ন ধৰ্মীয়, সাংস্কৃতিক আৰু সামাজিক কাৰ্যসূচীৰে তিনিদিনীয়াকৈ পালন কৰা হৈছে। উৎসৱ উপলক্ষে স্থানীয় বিধায়ক ভূপেন বড়োৱে সমূহ বাথৌ ধৰ্মাৱলম্বী ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি এই পবিত্ৰ পূজাই সমাজত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ অধিক সুদৃঢ় কৰাৰ কামনা প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *