Share and Enjoy !

Shares

সদ্যপ্ৰয়াত অজিত পাৱাৰৰ পত্নী সুনেত্ৰা পাৱাৰ হ’ব মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী।

আজি বিয়লি ৫ বজাত উপ-মুখ্যমন্ত্রী হিচাপে শপত ল’ব সুনেত্ৰা পাৱাৰে

শনিবাৰে সন্ধিয়া ৫ বজাত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি দলৰ নেতৃত্বই প্ৰকাশ কৰিছে। একে সময়তে NCPৰ মুৰব্বীৰ দায়িত্বও গ্ৰহণ কৰিবলৈ সাজু হৈছে বুলিও জানিব পৰা গৈছে। ইতিমধ্যে ৰাজভৱনত শপতগ্ৰহণ পৰ্বৰ প্ৰস্তুতি আৰম্ভ হৈছে।

উল্লেখ্য যে, বুধবাৰে এক বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল অজিত পাৱাৰৰ।অজিত পাৱাৰৰ আকস্মিক মৃত্যুৰ পিছত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ পদ খালী হৈ পৰে। সেই খালী পদ পূৰণৰ বিষয়ে জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। ইফালে দলীয় সূত্ৰই জনোৱা মতে, অজিত পাৱাৰৰ পত্নী সুনেত্ৰা পাৱাৰেই এই দায়িত্ব ল’বলৈ সন্মত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *