Share and Enjoy !

Shares

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেটক সংস্কাৰমুখী বাজেট বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক অভিনন্দন জ্ঞাপন কৰে।

এই বাজেটৰ পৰা অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল বিশেষভাৱে লাভৱান্বিত হ’ব বুলি তেওঁ উল্লেখ কৰে। ষষ্ঠদশ বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰি কৰ বিভাজনত অসমৰ অংশ ৩ দশমিক ২-৫-৮ শতাংশলৈ বৃদ্ধি পাব বুলি তেওঁ আশা প্ৰকাশ কৰিছে।

আনহাতে অসমৰ নিৰ্মাণ, উদ্যোগ আৰু ছেমিকণ্ডাক্টৰ, পৰ্যটন খণ্ড তথা নগৰীয়াকৰণ আৰু যাতায়াত-যোগাযোগৰ উন্নীতকৰণৰ বাবে লাভদায়ক হ’ব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰে। তেওঁ লগতে কয় যে, Self-Help Martয়ে অসমত লাখপতি দিদিৰ শক্তিশালী পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ দিশত অসমৰ প্ৰচেষ্টাক আৰু অধিক শক্তিশালী কৰিব। ইয়াৰ উপৰি ৰাজ্যৰ কৃষক আৰু সমবায়সমূহক উপকৃত কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। অসমৰ আন্তঃগাঁথনিৰ বিকাশত এইবাৰ ঘোষিত বাজেটে বিশেষভাৱে সহায় কৰিব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *