চাকৰিৰ বদলিকৰণক লৈ বৃহৎ পদক্ষেপ গ্ৰহণ ৰাজ্য চৰকাৰৰ।
সোমবাৰে দিছপুৰৰ লোকসেৱা ভৱনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলিৰ বাবে ‘স্বাগত সতীৰ্থ প’ৰ্টেল 2.O’ৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়, ‘‘এটা বিত্তীয় বৰ্ষত দুবাৰ প’ৰ্টেলটো খোলাৰ মই কথা দিছিলোঁ। ৩১ মাৰ্চৰ আগতে আৰু এটা বদলিকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব খোজো, যাতে নতুন স্থানত কৰ্মচাৰীয়ে ১ এপ্ৰিলৰ পৰা যোগদান কৰিব পাৰে। যিগৰাকী ব্যক্তিয়ে এবাৰ স্বাগত সতীৰ্থ প’ৰ্টেলৰ জৰিয়তে সুবিধা তেওঁ আৰু দ্বিতীয়বাৰ আবেদন কৰিব নোৱাৰে। অৰ্থাৎ, পূৰ্বৰ উপকৃত হোৱা ৯,০০০ কৰ্মচাৰীয়ে এই সুযোগ নাপাব। যোৱাবাৰ বঞ্চিত মানুহে নিজে বিচৰা স্থানলৈ আহিব সুবিধা লাভ কৰিব।’’
স্বাগত সতীৰ্থ প’ৰ্টেলৰ সময়সীমা সন্দৰ্ভত তেওঁ কয়, ‘‘যোৱাবাৰ আমি ১ জানুৱাৰী (২০২৫)ত স্বাগত সতীৰ্থ প’ৰ্টেলটো আৰম্ভ কৰিছিলোঁ আৰু ৭ জুনত শেষ কৰিছিলোঁ। আমি এইবাৰ স্বাগত সতীৰ্থ প’ৰ্টেলৰ প্ৰক্ৰিয়াখিনি যাতে ৭ মাৰ্চৰ পূৰ্বেই সম্পন্ন হৈ যায়। নিৰ্বাচন আয়োগক আমি জনাব লাগে যে আমি যাতে এইটো প্ৰক্ৰিয়াত ৰেহাই পাওঁ। কিয়নো এইটো ৰাজনৈতিক বিষয় নহয়। মাত্ৰ ১৫ দিনৰ ভিতৰত আবেদনৰ কামখিনি শেষ কৰিবলৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক অনুৰোধ জনাইছোঁ।’’