আজি ৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত বিদ্যালয় গৃহ উদ্বোধন কৰে কেবিনেট মন্ত্ৰী অতুল বৰাই। লগতে বিদ্যালয় খনৰ প্ৰায় ৮ কুৰি নৱম শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ মাজত মুখ্যমন্ত্রীৰ বিশেষ আঁচনিৰ অধীনত চাইকেল প্ৰদান কৰে।
ইয়াৰ উপৰিও আজি বোকাখাত বিধান সভা সমষ্টিত কেবিনেট মন্ত্রী অতুল বৰাই নুমলীগড় , নাহৰজান আৰু ৰঙাগড়া চাহ বাগিছাত এটি কলি এটি কলি দুটি পাত অনুষ্ঠানত চাহবাগিছাৰ হিতাধিকাৰিৰ মাজত ৫০০০ টকীয়া চেক বিতৰণ কৰে।
উল্লেখযোগ্য যে, আজি মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলি অসমৰ নৱ নিৰ্মিত ৬৭ খন বিদ্যলয়ৰ গৃহ উন্মোচনী সভাত ভাষণ প্ৰদান কৰে। সমান্তৰাল ভাবে ৬১ খন বিদ্যালয়ৰ আজি ৪.৫৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত হব লগা অসমৰ বিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানো সম্পন্ন কৰা হয় বুলি মুখ্যমন্ত্রীয়ে ভাষণত অবগত কৰে। আনহাতে, কিছুদিনৰ পিছত চাহ বাগিচাৰ ১০০ খন নব নিৰ্মিত বিদ্যালয় গৃহও উন্মোচন কৰা হব বুলি মুখ্যমন্ত্রীয়ে ভাষণত জানিবলৈ দিয়ে।