Share and Enjoy !

Shares

চত্তীশগড়ৰ ছুকমা আৰু বিজাপুৰ জিলাত আজি মুঠ ৫১ জন দুধৰ্ষ মাওবাদী সদস্যই আত্মসমৰ্পণ কৰে।

বিজাপুৰত ৩০ জন আৰু ছুকমাত ২১ জন মাওবাদীয়ে আৰক্ষী আৰু CRPFৰ জ্যেষ্ঠ বিষয়াৰ উপস্থিতিত আজি অস্ত্ৰ সম্বৰণ কৰে।

আত্মসমৰ্পণকাৰী মাওবাদীকেইজনৰ শিৰৰ মূল্য ১ কোটি ৬১ লাখ টকা নিৰ্ধাৰণ কৰা হৈছিল।

এইসকলৰ ভিতৰত মূলসুঁতিলৈ ঘুৰি অহা ২০ গৰাকী মহিলা মাওবাদী সদস্যৰ শিৰৰ মূল্য হিচাপে প্ৰায় ৮৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল।

আত্মসমৰ্পণকাৰী মাওবাদী সদস্যসকলক পুনঃসংস্থাপন নীতিৰ অধীনত এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয়।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *