Share and Enjoy !

Shares

আজি আনুষ্ঠানিকভাৱে প্ৰকাশ পাই দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ বাংলাদেশ সীমান্তৱৰ্তী একমাত্ৰ ১১ নং মানকাচৰ বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা–২০২৬। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া ৰাহুল কুমাৰ গুপ্তাই এই তালিকা প্ৰকাশ কৰে।

নিৰ্বাচন আয়োগৰ নিৰ্ধাৰিত সূচী অনুসৰি প্ৰকাশ পোৱা চূড়ান্ত ভোটাৰ তালিকা অনুসৰি সমষ্টিটোত মুঠ ৩,১০,২৩৩ গৰাকী ভোটাৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰে ১,৫৬,৯০৪ গৰাকী পুৰুষ, ১,৫৩,৩২৫ গৰাকী মহিলা আৰু ৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে বুলি জানিব পৰা গৈছে। ইপিনে ২০২৫ চনৰ চূড়ান্ত ভোটাৰ তালিকাৰ তুলনাত ২০২৬ চনত এই সীমান্তৱৰ্তী সমষ্টিটোত এক বছৰৰ ভিতৰত মাত্ৰ ৬,০৭৩ গৰাকী ভোটাৰ বৃদ্ধি পোৱা বুলি তথ্য প্ৰকাশ পাইছে।

উল্লেখ্য যে- চূড়ান্ত ভোটাৰ তালিকা জিলা নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ৰ লগতে সংশ্লিষ্ট বুথ লেভেল বিষয়া আৰু নিৰ্ধাৰিত স্থানসমূহত পৰিদৰ্শনৰ বাবে উপলব্ধ থাকিব বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে। ভাৰতৰ নিৰ্বাচন আয়োগৰ অফিচিয়েল ৱেবছাইট আৰু ভোটাৰ সেৱা প’ৰ্টেলৰ জৰিয়তেও ভোটাৰ তালিকা চাব পৰা যাব বুলি জিলা আয়ুক্ত গৰাকীয়ে সদৰি কৰিছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *