আজি ভাৰত বন্ধ। সমগ্ৰ দেশতে ৩০ কোটি শ্ৰমিকে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰোধিতাৰে ১০টাতকৈও অধিক বাণিজ্যিক আৰু কৃষক সংঘই ১২ ফেব্ৰুৱাৰী অৰ্থাৎ আজি ভাৰত বন্ধৰ আহ্বান জনাইছে। পুৱাৰে পৰা কিছু ঠাইত ভাৰত বন্ধৰ প্ৰভাৱ দেখা গৈছে।
ভাৰত বন্ধৰ বাবে ৰাজহুৱা পৰিবহণ, বেংকিং কাৰ্য্যকলাপ, আৰু শিক্ষানুষ্ঠানসমূহ কিছু পৰিমাণে প্ৰভাৱিত হ’ব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ প্ৰতিবাদত ১০ টা ট্ৰেড ইউনিয়নৰ যৌথ মঞ্চই দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছে। খবৰ অনুসৰি এই ধৰ্মঘটত প্ৰায় ৩০ কোটি শ্ৰমিকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত পৰিবহণকে ধৰি কেইবাটাও খণ্ডৰ কাৰ্য্যকলাপত প্ৰভাৱ পৰিব।
আজি ১২ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰে ভাৰত বন্ধৰ সময়ত ৰাজহুৱা পৰিবহণ, বেংকিং সেৱা, আৰু শিক্ষানুষ্ঠানসমূহ ক্ষতিগ্ৰস্ত হ’ব পাৰে।
ভাৰত বন্ধৰ আহ্বান জনাইছে INTUC, AITUC, HMS, CITU, AIUTUC, TUCC, SEWA, AICCTU, LPF, আৰু UTUC আদি ডাঙৰ ইউনিয়নকে ধৰি ১০টা ট্ৰেড ইউনিয়নৰ যৌথ মঞ্চই।